নিস্তব্ধ নিশা -অসমীয়া ভৌতিক গল্প
"মই আৰু আগলৈ নাযাওঁ অঞ্জন" ৷ "মোৰ ঠিকনা ইয়াতেই" ৷ এইবুলি দিবাকৰ শ্বশানৰ ভিতৰলৈ সোমাই অদৃশ্য হৈ গ’ল ৷ অঞ্জনে একো বুজি নাপালে ৷ ই পাগল হ’ল নেকি ?" নিশা ট্ৰেভেলাৰ খনৰ পৰা নামি অঞ্জনে ইফালে সিফালে এবাৰ চালে কোনোবা চিনাকী মানুহক লগ পাইনেকি ৷ কাৰন মুল পথটোৰ পৰা ফাটিযোৱা আন এটা পথেৰে এক কিঃমিঃ পথ ঘৰলৈ অঞ্জনে খোজ কাঢ়ি যাব লাগিব ৷ অঞ্জন নিৰাশ হ’ল কোনো এটা নাই পথটোত ৷ গোটেই দিনটোৱে বতৰটো ডাৱৰীয়া ৷ কিণকিণিয়া বৰষুনৰ লগে লগে মাজে মাজে বলি থকা ফেৰফেৰীয়া বতাহ দুই এজাকে বহাগ মাহতো ঠান্ডাভাৱ এটা আনি দিছে ৷ আকাশত দশমিৰ জোনটোৱে ডাৱৰ ফালি ভূমুকি মাৰিবলৈ চেস্টা কৰি বিফল হৈছে ৷ অঞ্জনে বেগটো পিঠিত ভালকৈ লৈ আগলৈ খোজ দিলে ৷ মুম্বাইৰ কোম্পানী এটাত চাকৰী কৰা অঞ্জনে ছুটিত ঘৰলৈ আহিছে ৷ কাৰন তাৰ ভনীয়েক কাবেৰীৰ বিয়া ৷ তিনিদিন পাছতে বিয়া ৷ অহা তাৰ দেৰিয়েই হৈছে ৷ সি অহা ট্ৰেনখন দুঘন্টা পলম হোৱাৰ বাবে চহৰ পাওতে নিশা হৈ গ’ল ৷ ভাগ্য ভাল যে কোনোমতে ট্ৰেভেলাৰখন পাই গ’ল ৷ অঞ্জনে এনেয়ে এবাৰ পিছলৈ ঘুৰি চালে ৷ একো নেদেখি ৷ একেবাৰে ঘোপ মৰা আন্ধাৰ ৷ ছেঃ কোনোবা এটা লগ পোৱা হলে নিৰ্জন পথছোৱাত কথা প...
Thank you for the blog. It was really good to know about assamese theatre song.Good Work.
ReplyDeleteThanks bro for this song lyrics
ReplyDelete