নিস্তব্ধ নিশা -অসমীয়া ভৌতিক গল্প

বিশেষ এটা কামত গুৱাহাটীলৈ গৈছিলো ৷ ভাবিলো চাৰিটাত ট্ৰেইনখন আছেই যেতিয়া আৰামত যাম ৷ পল্টনবজাৰত সৰু সুৰা বজাৰ দুই এটা কৰি যথাসময়ত ৰৈ থকা ট্ৰেইনখনত উঠি পৰিলোঁ ৷ ডিচেম্বৰ মাহ ৷ চাৰিটা বজাতে আন্ধাৰ হৈ আহিল ৷ অলপ অলপ ঠাণ্ডাও পৰিছে ৷ এনেকৈ গাড়ীত উঠি ৰৈ থকাতো বিৰক্তিকৰ ৷ ইফালে চাৰিটা বাজি পাৰ হৈ চাৰে চাৰিটা বাজিল ৷ কিন্তু গাড়ী এৰাৰ কোনো লক্ষনেই নাই ৷ গাড়ী ইপিনে যাত্ৰীৰে ঠাহ খাই পৰিছে ৷ মাজে মাজে চানাৱলা, পানদোকানী আদি ফেৰিৱলাবিলাকৰ চিঞৰত পৰিস্থিতি বিৰক্তিকৰ হৈ পৰিছে ৷ যাহওক পাঁচ বাজি দহ মিনিটত গাড়ীখন উকিঁ দুটা মাৰি চলিবলৈ ধৰিলে ৷
এনেয়ে ট্ৰেইনখন দেৰি কৰি আহিছে তাতে দুঠাইত ক্ৰচিঙৰ বাবে আৰু স্টেচনবিলাকত ৰৈ ৰৈ নিশা এঘাৰটা বজাত কোনোমতে আহি আমাৰ স্টেচনটো পালেহি ৷ এতিয়াহে চিন্তাত পৰিলো ৷ ঘিট মিটিয়া আন্ধাৰেদি ঘৰলৈ কেনেকৈ যাম ৷ ট্ৰেইন লাইনেৰে দুশ মিটাৰমান পূবলৈ গৈহে মুল পথটোত উঠিব পাৰি ৷ পাৰ হৈ যোৱা ট্ৰেইনখনৰ পথেদি ভৰিৰে খেপিয়াই খেপিয়াই আগুৱাবলৈ ধৰিলো ৷ ইমান সময় স্টেচনটোৰ পৰা বাগৰি অহা অকন অকন পোহৰত কিবা এটা দেখিছিলো যদিও স্টেচনটোৰ পৰা যিমানেই আতৰি আহিছোঁ ক্ৰমে ক্ৰমে ঘোৰ অন্ধকাৰত সোমাবলৈ ধৰিলোঁ ৷ অন্ধকাৰলৈ চাই সেইদিনা অমাৱষ্যা যেনেই লাগিল ৷ কোনো এটা জনপ্ৰানী নাই লগত ৷ স্টেচনটোত নমা বাকী তিনিজন যাত্ৰী বিপৰিত দিশে গুছি গ’ল ৷ হথাতে মনটো ভয়ে আগুৰি ধৰিলে ৷ নিজকে ধিক্কাৰ দিলোঁ ৷ কিহেযে পাইছিল ট্ৰেইনত আহিবলৈ ৷ ৰেলৰ আলিৰ কাষৰ গছ এজোপাৰ পৰা কিবা এটাই ধপ্ ধপাই উৰি যোৱা শব্দই পৰিবেশটো অধিক জয়াল কৰি তুলিলে ৷ হয়তো ইতিমধ্যে স্টেচনটোৰ পৰা এশ মিটাৰমান আহিলো বোধকৰো ৷ কিন্তু সন্মুখত প্ৰায় ত্ৰিচফুটমান দুৰৈত কিবা এটা বস্তুৰ অৱস্থিতিত মোৰ গতি স্তব্ধ হৈ গ’ল ৷ প্ৰথমতে ৰেল আলিৰ কাষৰ মাইল পোস্ট বুলি নিজকে প্ৰবোধ দিবলৈ বৃথা চেষ্টা কৰিলো যদিও চিন্তা কৰিলো ৰেলৰ আলিৰ কাষত থাকিব লগীয়া মাইল পোস্টটো ৰেলৰ আলিৰ মাজত কিয় থাকিব ৷ ইপিনে মই আগলৈ যাবই লাগিব ৷ ৰৈ থকা মূৰ্তিটো অলপ যেন ষ্পষ্ট হ’ল ৷ শুভ্ৰপোছাক পৰিহিত মূৰ্তিটোৰ গাৰ পৰা ঢোৱাঁৰ দৰে কিবা ওলাই আছে ৷ বহু সাহস কৰি বেয়া মাতেৰে মুৰ্তিটোক গালি পাৰি তাৰ পৰা আতৰি যাবলৈ কলো যদিও ভয়ত মোৰ মুখৰ পৰা ওলোৱা মাতটো মোৰেই অচিনাকী যেন লাগিল ৷ মোৰ কথাত কিবা এটা প্ৰতিক্ৰিয়া হোৱা যেন লাগিল ৷ ৰৈ থকা মূৰ্তিটো এইবাৰ মোৰ ফালে মুখ কৰি আগুৱাই আহিল ৷ হে ভগৱান কি কৰো এতিয়া ৷ পিছুৱাইও যাবলৈও সাহস নাই ৷ ইতিমধ্যে মুৰ্তিটো কাষ পালেহিয়েই ৷ সেইয়া কি এক ভয়ানক দৃশ্য ৷ শুভ্ৰ মূৰ্তিটোৰ পৰা কিবা ধোৱাঁৰ দৰে পদাৰ্থ এবিধ অহৰ্নিশে ওলাই আছে ৷ মুৰটো কি ভয়ানক ৷ তেলেকা তেলেক চকুকিটা যেন জ্বলন্ত অঙঠাহে ৷ দীঘল দীঘল দাঁতেৰে টোপাটোপে তেজ নিগৰি আছে ৷ নিৰ্বাক স্তব্ধ জঠৰ হৈ একে ঠাইতে ঠিয় হৈ থকা মোলৈ ভ্ৰুক্ষেপ নকৰি গাৰ কাষেৰে স্টেচনৰ ফালে তৰিৎ গতিৰে গৈ থকা মূৰ্তিটো মন কৰিলোঁ মাটিৰ পৰা কিছু ওপৰেৰে শূন্যত ওপঙি গৈছে ৷ হথাতে সম্বিত ঘুৰাই পাই মই সন্মুখলৈ দৌৰিবলৈ ধৰিলোঁ ৷ আন্ধাৰত ৰেলৰ আলিৰ শিলগুটিৰে ভৰা ওখৰা মোখৰা পথেদি মই মাথো দৌৰিছো ৷ এটা সময়ত ৰেলৰ আলিৰ কাষৰ এটা ৰেলৱে গেংমেনৰ কোৱাৰ্টাৰৰ সন্মুখত বিকৎ চিঞৰ এটা মাৰি মই ঢলি পৰিলো ৷ তাৰ পাছত আৰু একো কব নোৱাৰো ৷
শেষনিশা চকু মেলি ৰেলৱে কোৱাৰ্টাৰৰ বিছনাত নিজকে আৱিস্কাৰ কৰি দেখিলো মোক ঘেৰি ধৰি গোট খোৱা মানুহখিনিৰ চকুত অনেক প্ৰশ্ন ৷ কি হ’ল, কেনেকে হ’ল ৷ সেহাই সেহাই মানুহখিনিক সবিশেষ কোৱাৰ পাছত কেইবাজনেও মোক ধমক দিলে ইমান ৰাতি সেই পথেদি অহাৰ বাবে ৷ অমাৱষ্যাৰ নিশা বোলে প্ৰায়ে সেইঠাইত বেয়া বস্তু ওলায় ৷
Comments
Post a Comment