Posts

Showing posts from November, 2020

Featured post

নিস্তব্ধ নিশা -অসমীয়া ভৌতিক গল্প

Image
    "মই আৰু আগলৈ নাযাওঁ অঞ্জন" ৷ "মোৰ ঠিকনা ইয়াতেই" ৷ এইবুলি দিবাকৰ শ্বশানৰ ভিতৰলৈ সোমাই অদৃশ্য হৈ গ’ল ৷ অঞ্জনে একো বুজি নাপালে ৷ ই পাগল হ’ল নেকি ?"   নিশা ট্ৰেভেলাৰ খনৰ পৰা নামি অঞ্জনে ইফালে সিফালে এবাৰ চালে কোনোবা চিনাকী মানুহক লগ পাইনেকি ৷ কাৰন মুল পথটোৰ পৰা ফাটিযোৱা আন এটা পথেৰে এক কিঃমিঃ পথ ঘৰলৈ অঞ্জনে খোজ কাঢ়ি যাব লাগিব ৷ অঞ্জন নিৰাশ হ’ল কোনো এটা নাই পথটোত ৷ গোটেই দিনটোৱে বতৰটো ডাৱৰীয়া ৷ কিণকিণিয়া বৰষুনৰ লগে লগে মাজে মাজে বলি থকা ফেৰফেৰীয়া বতাহ দুই এজাকে বহাগ মাহতো ঠান্ডাভাৱ এটা আনি দিছে ৷ আকাশত দশমিৰ জোনটোৱে ডাৱৰ ফালি ভূমুকি মাৰিবলৈ চেস্টা কৰি বিফল হৈছে ৷ অঞ্জনে বেগটো পিঠিত ভালকৈ লৈ আগলৈ খোজ দিলে ৷ মুম্বাইৰ কোম্পানী এটাত চাকৰী কৰা অঞ্জনে ছুটিত ঘৰলৈ আহিছে ৷ কাৰন তাৰ ভনীয়েক কাবেৰীৰ বিয়া ৷ তিনিদিন পাছতে বিয়া ৷ অহা তাৰ দেৰিয়েই হৈছে ৷ সি অহা ট্ৰেনখন দুঘন্টা পলম হোৱাৰ বাবে চহৰ পাওতে নিশা হৈ গ’ল ৷ ভাগ্য ভাল যে কোনোমতে ট্ৰেভেলাৰখন পাই গ’ল ৷ অঞ্জনে এনেয়ে এবাৰ পিছলৈ ঘুৰি চালে ৷ একো নেদেখি ৷ একেবাৰে ঘোপ মৰা আন্ধাৰ ৷ ছেঃ কোনোবা এটা লগ পোৱা হলে নিৰ্জন পথছোৱাত কথা প...

নিজম নিশা- Assamese Horror Story | Assamese Short Stories |

Image
 নিজম নিশা       " আন্ধাৰত ৰেলৰ আলিৰ শিলগুটিৰে ভৰা ওখৰা মোখৰা পথেদি মই মাথো দৌৰিছো ৷ এটা সময়ত ৰেলৰ আলিৰ কাষৰ এটা ৰেলৱে গেংমেনৰ কোৱাৰ্টাৰৰ সন্মুখত বিকৎ চিঞৰ এটা মাৰি মই ঢলি পৰিলো ৷ তাৰ পাছত আৰু একো কব নোৱাৰো ৷ "   বি শেষ এটা কামত গুৱাহাটীলৈ গৈছিলো ৷ ভাবিলো চাৰিটাত ট্ৰেইনখন আছেই যেতিয়া আৰামত যাম ৷ পল্টনবজাৰত সৰু সুৰা বজাৰ দুই এটা কৰি যথাসময়ত ৰৈ থকা ট্ৰেইনখনত উঠি পৰিলোঁ ৷ ডিচেম্বৰ মাহ ৷ চাৰিটা বজাতে আন্ধাৰ হৈ আহিল ৷ অলপ অলপ ঠাণ্ডাও পৰিছে ৷ এনেকৈ গাড়ীত উঠি ৰৈ থকাতো বিৰক্তিকৰ ৷ ইফালে চাৰিটা বাজি পাৰ হৈ চাৰে চাৰিটা বাজিল ৷ কিন্তু গাড়ী এৰাৰ কোনো লক্ষনেই নাই ৷ গাড়ী ইপিনে যাত্ৰীৰে ঠাহ খাই পৰিছে ৷ মাজে মাজে চানাৱলা, পানদোকানী আদি ফেৰিৱলাবিলাকৰ চিঞৰত পৰিস্থিতি বিৰক্তিকৰ হৈ পৰিছে ৷ যাহওক পাঁচ বাজি দহ মিনিটত গাড়ীখন উকিঁ দুটা মাৰি চলিবলৈ ধৰিলে ৷    এনেয়ে ট্ৰেইনখন দেৰি কৰি আহিছে তাতে দুঠাইত ক্ৰচিঙৰ বাবে আৰু স্টেচনবিলাকত ৰৈ ৰৈ নিশা এঘাৰটা বজাত কোনোমতে আহি আমাৰ স্টেচনটো পালেহি ৷ এতিয়াহে চিন্তাত পৰিলো ৷ ঘিট মিটিয়া আন্ধাৰেদি ঘৰলৈ কেনেকৈ যাম ৷ ট্ৰেইন...

অভিশপ্ত বঙলা - Ghost story in Assamese | Assamese Short Stories|

Image
অভিশপ্ত বঙলা   দিলীপ ভট্টাচা য্য ৰা জীৱলৈ অপেক্ষা কৰি কৰি টি, ভিটো চাই থাকোতে কেতিয়ানো দিব্যাৰ চকুলৈ টোপনি নামি আহিল তাই গমেই নাপালে ৷ ওৱাল ঘড়ীটোৰ এঘাৰটাৰ সঙ্কেতধ্বনিয়ে নিশাৰ নিৰৱতা ভেদ কৰি হোৱা বিকট শব্দত দিব্যাই চক খাই চকীখনত ভালকৈ বহি ললে ৷ দিব্যা চিন্তাত পৰিল ৷ কি হ’ল ৰাজীৱৰ ? আনদিনাতকৈ আজি দেখো বেছি দেৰি কৰিছে ৰাজীৱে ৷ ৰাজীৱ দিব্যাৰ একমাত্ৰ সন্তান চাৰিবছৰীয়া ডিম্পী কাষৰ ৰুমটোত কেতিয়াবাই শুই পৰিছে ৷ চহৰখনতে থকা কোম্পানী এটাৰ ৰাজীৱ শাখা প্ৰৱন্ধক হোৱাৰ বাবে প্ৰায়ে ঘৰলৈ ওভতোতে  পলম হয় ৷ নতুন চহৰ এখনলৈ বদলি হৈ আহি হথাতে ভাড়াঘৰ এটা পোৱা সহজ নহয় ৷ কিন্তু ৰাজীৱৰ কপাল ভাল ৷ কাৰন চহৰখনলৈ অহাৰ আগতেই ৰাজীৱে অফিছৰ পিয়নজনৰ জড়িয়তে চহৰখনৰ পৰা কিছু নিলগৰ পুৰনি এই ঘৰটো থিক কৰি থৈছিল ৷ হথাতে দিব্যাৰ ভাৱত যতি পৰিল কাৰন সিটো ৰুমত শুই থকা ডিম্পীয়ে খিল খিলাই হাঁহি থকাৰ শব্দ আহি দিব্যাৰ কাণত পৰিল ৷ এক অজান আশঙ্কাত এক প্ৰকাৰ দৌৰিয়ে তাই সিটো ৰুম পালেগৈ ৷ দুৱাৰখন খুলি সন্মুখৰ দৃশ্য দেখি দিব্যাৰ গা শিয়ঁৰি উঠিল ৷ শুই থাকিব লগীয়া ডিম্পীয়ে বিছনাখনতে বহি সন্মুখলৈ চাই হাঁহি হাঁহি কাৰোবাৰ লগত কথা পাতি আছে...