Featured post

নিস্তব্ধ নিশা -অসমীয়া ভৌতিক গল্প

Image
    "মই আৰু আগলৈ নাযাওঁ অঞ্জন" ৷ "মোৰ ঠিকনা ইয়াতেই" ৷ এইবুলি দিবাকৰ শ্বশানৰ ভিতৰলৈ সোমাই অদৃশ্য হৈ গ’ল ৷ অঞ্জনে একো বুজি নাপালে ৷ ই পাগল হ’ল নেকি ?"   নিশা ট্ৰেভেলাৰ খনৰ পৰা নামি অঞ্জনে ইফালে সিফালে এবাৰ চালে কোনোবা চিনাকী মানুহক লগ পাইনেকি ৷ কাৰন মুল পথটোৰ পৰা ফাটিযোৱা আন এটা পথেৰে এক কিঃমিঃ পথ ঘৰলৈ অঞ্জনে খোজ কাঢ়ি যাব লাগিব ৷ অঞ্জন নিৰাশ হ’ল কোনো এটা নাই পথটোত ৷ গোটেই দিনটোৱে বতৰটো ডাৱৰীয়া ৷ কিণকিণিয়া বৰষুনৰ লগে লগে মাজে মাজে বলি থকা ফেৰফেৰীয়া বতাহ দুই এজাকে বহাগ মাহতো ঠান্ডাভাৱ এটা আনি দিছে ৷ আকাশত দশমিৰ জোনটোৱে ডাৱৰ ফালি ভূমুকি মাৰিবলৈ চেস্টা কৰি বিফল হৈছে ৷ অঞ্জনে বেগটো পিঠিত ভালকৈ লৈ আগলৈ খোজ দিলে ৷ মুম্বাইৰ কোম্পানী এটাত চাকৰী কৰা অঞ্জনে ছুটিত ঘৰলৈ আহিছে ৷ কাৰন তাৰ ভনীয়েক কাবেৰীৰ বিয়া ৷ তিনিদিন পাছতে বিয়া ৷ অহা তাৰ দেৰিয়েই হৈছে ৷ সি অহা ট্ৰেনখন দুঘন্টা পলম হোৱাৰ বাবে চহৰ পাওতে নিশা হৈ গ’ল ৷ ভাগ্য ভাল যে কোনোমতে ট্ৰেভেলাৰখন পাই গ’ল ৷ অঞ্জনে এনেয়ে এবাৰ পিছলৈ ঘুৰি চালে ৷ একো নেদেখি ৷ একেবাৰে ঘোপ মৰা আন্ধাৰ ৷ ছেঃ কোনোবা এটা লগ পোৱা হলে নিৰ্জন পথছোৱাত কথা প...

অভিশপ্ত বঙলা - Ghost story in Assamese | Assamese Short Stories|

অভিশপ্ত বঙলা 

দিলীপ ভট্টাচায্য

ৰাজীৱলৈ অপেক্ষা কৰি কৰি টি, ভিটো চাই থাকোতে কেতিয়ানো দিব্যাৰ চকুলৈ টোপনি নামি আহিল তাই গমেই নাপালে ৷ ওৱাল ঘড়ীটোৰ এঘাৰটাৰ সঙ্কেতধ্বনিয়ে নিশাৰ নিৰৱতা ভেদ কৰি হোৱা বিকট শব্দত দিব্যাই চক খাই চকীখনত ভালকৈ বহি ললে ৷ দিব্যা চিন্তাত পৰিল ৷ কি হ’ল ৰাজীৱৰ ? আনদিনাতকৈ আজি দেখো বেছি দেৰি কৰিছে ৰাজীৱে ৷ ৰাজীৱ দিব্যাৰ একমাত্ৰ সন্তান চাৰিবছৰীয়া ডিম্পী কাষৰ ৰুমটোত কেতিয়াবাই শুই পৰিছে ৷ চহৰখনতে থকা কোম্পানী এটাৰ ৰাজীৱ শাখা প্ৰৱন্ধক হোৱাৰ বাবে প্ৰায়ে ঘৰলৈ ওভতোতে  পলম হয় ৷ নতুন চহৰ এখনলৈ বদলি হৈ আহি হথাতে ভাড়াঘৰ এটা পোৱা সহজ নহয় ৷ কিন্তু ৰাজীৱৰ কপাল ভাল ৷ কাৰন চহৰখনলৈ অহাৰ আগতেই ৰাজীৱে অফিছৰ পিয়নজনৰ জড়িয়তে চহৰখনৰ পৰা কিছু নিলগৰ পুৰনি এই ঘৰটো থিক কৰি থৈছিল ৷ হথাতে দিব্যাৰ ভাৱত যতি পৰিল কাৰন সিটো ৰুমত শুই থকা ডিম্পীয়ে খিল খিলাই হাঁহি থকাৰ শব্দ আহি দিব্যাৰ কাণত পৰিল ৷ এক অজান আশঙ্কাত এক প্ৰকাৰ দৌৰিয়ে তাই সিটো ৰুম পালেগৈ ৷ দুৱাৰখন খুলি সন্মুখৰ দৃশ্য দেখি দিব্যাৰ গা শিয়ঁৰি উঠিল ৷ শুই থাকিব লগীয়া ডিম্পীয়ে বিছনাখনতে বহি সন্মুখলৈ চাই হাঁহি হাঁহি কাৰোবাৰ লগত কথা পাতি আছে ৷ ""ডিম্পী""ভয়ত দিব্যাৰ মুখেৰে ওলাই অহা আৰ্ত চিৎকাৰত ডিম্পীয়ে মাকলৈ চাই ক’লে ""মা তুমি কৈছিলা নহয় ইয়াত আৰু আমাৰ বাহিৰে কোনো নাথাকে "****ক’তা ইমান সময় মইতো ইয়াৰ লগতে খেলি আছোঁ ৷ ডিম্পীৰ কথাত সন্মুখলৈ চাই কাকো নেদেখি বেছিকে ভয় খাই দিব্যাই একে চিপে ডিম্পীক কোলাত লৈ নিজৰ ৰুমত সোমাই দুৱাৰখন ভালকৈ বন্ধ কৰি বিছনাখনত ডিম্পীক শুৱাই ফোপাই জোপাই  এক প্ৰকাৰ খঙেৰেই ৰাজীৱলৈ ফোন কৰি সোনকালে ঘৰলৈ মাতিলে ৷ বতৰো ভাল নহয় ৷ গাজি গুমৰি আহিছে ৷ আবতৰীয়া বৰষুণজাকৰ সম্ভৱনাত দিব্যাৰ মন ৰাজীৱৰ বাবে আৰু শঙ্কিত হৈ পৰিল ৷ ক’ত যে থাকে মানুহটো ৷ এতিয়ালৈকে দেখা দেখিয়েই নাই ৷ থিক তেনেতে লাইনটো যোৱাত শঙ্কিত দিব্যাই কোনোমতে এহাতেৰে ডিম্পীক ধৰি আনটো হাতেৰে মবাইলৰ টৰ্চ লাইটতো জ্বলাই মম এডাল বিছাৰিলে ৷ ইতিমধ্যে বিজুলি গাঁজনিৰে জোৰেৰে বৰষুন আৰম্ভ হোৱাত দিব্যাৰ ভয় আৰু বাঢ়ি গ’ল ৷ হথাৎ বাৰান্দাৰ ফালৰ খিৰিকীৰ পৰ্দ্দাত বিজুলিৰ চকা মকা পোহৰত এটি নাৰীমুৰ্তিৰ ছাঁ প্ৰতক্ষ্য কৰি দিব্যাই ডিম্পীক জোৰেৰে সাবটি ধৰিলে ৷ কোন সেয়া ? এইনিশা ইয়ালৈ কোন আহিব ? নে আন কিবা ? খন্তেক পাছতে বিজুলীৰ পোহৰত আনখন খিৰিকীৰ পৰ্দাটো  একেধৰনৰ ছাঁ দেখি দিব্যা নিসন্দেহ হ’ল এইয়া যে আন কিবাহে ৷ তথাপিও বহু সাহস গোটাই ডিম্পীক এখন হাতেৰে খামুচি ধৰি আনখন হাতত মোবাইল টৰ্চতো লৈ আগফালৰ দৰ্জ্জাখন খুলি বাহিৰখন এবাৰ চাই অহাৰ ইচ্ছাৰে আগবাঢ়োতেই দিব্যাক আচৰিত কৰি সন্মুখৰ দুৱাৰখন খোলখাই গ’ল ৷ খোলা দুৱাৰখনেদি এইবাৰ সোমাই আহিল শুভ্ৰ পোছাক পৰিহিত আউলি বাউলি চুলিৰে এক নাৰীমুৰ্তি ৷ এপলক ৰৈ পাছফালে থকা নিজে নিজে খোল খাই যোৱা দুৱাৰখনেদি নাৰীমুৰ্তি অন্তৰ্ধ্যান হ’ল ৷ খন্তেক সময়ৰ বাবে দেখা সেই নাৰেমুৰ্তিৰ ৰূপ কি বিভৎস’ ৷ গোটেই মুখমন্ডল কটা চিঙা, আঘাতৰ ঠাইদি তেজ নিগৰি থকা ৷ দৃশ্য দেখি দিব্যা মূক নিস্তব্ধ হৈ পৰিল ৷ তাইৰ যেন চেতনা শক্তি লোপ পালে ৷ তেনেকৈ কিমান সময় তাই জঠৰ হৈ আছিল কব নোৱাৰে ৷ কিন্তু হথাত ৰুমৰ খিৰিকীৰ পৰ্দাত ৰাজীৱৰ গাড়ীৰ হেড লাইটৰ পোহৰ দেখি দিব্যাই বাকী থকা শক্তিকনেৰে ডিম্পীক চোচৰাই নিয়াদি দুৱাৰ খুলি একেবাৰে বাৰান্দাৰ স্টেপিদি নামি কাৰখনৰ পৰা নামি অহা ৰাজীৱক সাৱটি ধৰি কান্দিবলৈ ধৰিলে*****""এইটো ঘৰত ভূত আছে ৰাজীৱ ! আমি আৰু এক মুহুৰ্তও নাথাকো ইয়াত ৷ বলা গাড়ীত উঠা ৷"" অবাক ৰাজীৱে সবিশেষ গম পাই চিন্তাত পৰিল এই নিশাখন কলৈ যাব ! কিন্তু দিব্যাহঁতৰ অৱস্থা দেখি সেই মুহুৰ্তত দিব্যাৰ মনটোকে শান্ত কৰাৰ উৰ্দ্দেশ্যে সিহঁতক গাড়ীত উঠাই চহৰৰ হোটেল এখনতে সদ্যহতে নিশাটো কটোৱাৰ কথা ভাবি গাড়ীখন ঘুৰাই ললে ৷ পাছদিনা দিব্যাহঁতক হোটিলতে ৰাখি ঘৰটোৰ কিবা এটা ব্যৱস্থা কৰো বুলি ওলাই যোৱা ৰাজীৱে ঘৰটোত বাহিৰা কাম কৰিবলৈ থিক কৰা মানুহজনীৰ পৰাহে আচল কথাটো গম পালে ৷ কোনো ভাৰাতীয়াই বোলে ঘৰটোত শান্তিৰে থাকিব নোৱাৰি গুছি গুছি যায় ৷ বহুদিন আগতে বোলে কোনোবা এজন ভাৰাতীয়াই কোনো অজ্ঞাত কাৰনত নিজ পত্নী আৰু একমাত্ৰ লৰাটোক হত্যা কৰি নিৰুদ্দেশ হৈছিল ৷ তাৰ পাছৰ পৰাই মাক পিতেকৰ প্ৰেতাত্মা ঘৰটোত বোলে ঘুৰি ফুৰে ৷

Comments

Popular posts from this blog

Bhal lage Mur Lyrics From Abahan Theatre | Zubeen Garg

নিজম নিশা- Assamese Horror Story | Assamese Short Stories |

DIN JOLE RATI JOLE LYRICS | MISSION CHINA | ZUBEEN GARG & ZUBLEE BARUAH

নিস্তব্ধ নিশা -অসমীয়া ভৌতিক গল্প