নিস্তব্ধ নিশা -অসমীয়া ভৌতিক গল্প
"মই আৰু আগলৈ নাযাওঁ অঞ্জন" ৷ "মোৰ ঠিকনা ইয়াতেই" ৷ এইবুলি দিবাকৰ শ্বশানৰ ভিতৰলৈ সোমাই অদৃশ্য হৈ গ’ল ৷ অঞ্জনে একো বুজি নাপালে ৷ ই পাগল হ’ল নেকি ?"
নিশা ট্ৰেভেলাৰ খনৰ পৰা নামি অঞ্জনে ইফালে সিফালে এবাৰ চালে কোনোবা চিনাকী মানুহক লগ পাইনেকি ৷ কাৰন মুল পথটোৰ পৰা ফাটিযোৱা আন এটা পথেৰে এক কিঃমিঃ পথ ঘৰলৈ অঞ্জনে খোজ কাঢ়ি যাব লাগিব ৷ অঞ্জন নিৰাশ হ’ল কোনো এটা নাই পথটোত ৷ গোটেই দিনটোৱে বতৰটো ডাৱৰীয়া ৷ কিণকিণিয়া বৰষুনৰ লগে লগে মাজে মাজে বলি থকা ফেৰফেৰীয়া বতাহ দুই এজাকে বহাগ মাহতো ঠান্ডাভাৱ এটা আনি দিছে ৷ আকাশত দশমিৰ জোনটোৱে ডাৱৰ ফালি ভূমুকি মাৰিবলৈ চেস্টা কৰি বিফল হৈছে ৷ অঞ্জনে বেগটো পিঠিত ভালকৈ লৈ আগলৈ খোজ দিলে ৷ মুম্বাইৰ কোম্পানী এটাত চাকৰী কৰা অঞ্জনে ছুটিত ঘৰলৈ আহিছে ৷ কাৰন তাৰ ভনীয়েক কাবেৰীৰ বিয়া ৷ তিনিদিন পাছতে বিয়া ৷ অহা তাৰ দেৰিয়েই হৈছে ৷ সি অহা ট্ৰেনখন দুঘন্টা পলম হোৱাৰ বাবে চহৰ পাওতে নিশা হৈ গ’ল ৷ ভাগ্য ভাল যে কোনোমতে ট্ৰেভেলাৰখন পাই গ’ল ৷ অঞ্জনে এনেয়ে এবাৰ পিছলৈ ঘুৰি চালে ৷ একো নেদেখি ৷ একেবাৰে ঘোপ মৰা আন্ধাৰ ৷ ছেঃ কোনোবা এটা লগ পোৱা হলে নিৰ্জন পথছোৱাত কথা পাতি গৈ ভাল লাগিল হয় ৷ তাতে অলপ গৈয়ে পথৰ বাওঁকাষে শ্বশানখন আৰম্ভ হ’ব ৷ অঞ্জনে অলপ বিমোৰত পৰিল ৷ সি চিন্তা কৰিলে সি বাৰু ভয় কৰিছেনেকি ? নাই নাই কিহৰ ভয়, সি নিজকে নিজে সাহস দিবলৈ চেস্টা কৰিলে ৷ নিশা হয়তো এঘাৰতামানহে বাজিছে ৷ কিন্তু পিছপৰা এই অঞ্চলৰ বাবে সেয়াই দোভাগ নিশাৰ দৰে ৷ থিক তেনেতে দুৰৈত হুদুচৰাই এটাৰ কৰ্কশ মাত এটাই পৰিবেশটো আৰু অধিক ভয়াল কৰি তুলিলে ৷ অঞ্জনে খোজ খৰকে দিবলৈ ধৰিলে ৷ থিক সেই সময়তে এজাক হিম চেচাঁ শীতল বতাহে অঞ্জনক কপাই তুলিলে ৷ "অঞ্জন আহি আছ" ! এটা চিনাকী মাতত অঞ্জনে তাৰ হেৰুৱা সাহস যেন ঘুৰাই পালে ৷ হওক তেও অন্ততঃ অৱশেষত সি লগ এটা পালে ৷ খন্তেক ৰৈ অঞ্জনে পাছলৈ ঘুৰি চালে ৷ মাতটো চিনাকী যদিও কোন হব পাৰে অঞ্জনে পিছলৈ ঘুৰি চাই হতাশ হ’ল ৷ ইমান অন্ধকাৰত সি বগা বৰনৰ চোলা এটাৰ আভাষৰ বাহিৰে একো ধৰিব নোৱাৰিলে ৷ "অঞ্জন মই দিবাকৰ "৷ অচিন ব্যক্তিয়ে চিনাকী দিলে ৷ অঞ্জন নিচিন্ত হ’ল - থিকেইটো এইয়া দিবাকৰৰে চিনাকী কন্ঠস্বৰ ৷ অঞ্জনে দুগুন উৎসাহেৰে আগলৈ খোজ দিলে ৷
দিবাকৰ অঞ্জনৰ বাল্যবন্ধু ৷ অঞ্জনৰ সকলো কামৰে সহচৰ ৷ পঢ়াশুনা, খেলাধুলা, গাৱঁৰ প্ৰতিটো উৎসৱত একেলগে আগভাগ লোৱা ৷ শেষলৈ গাৱঁৰ মানুহে সিহঁত দুয়োকে জয়-বিজয় বুলিহে মাতিছিল ৷যোৱা পাচটা বছৰে সিহঁত এৰা এৰি হৈ আছিল যদিও মবাইলতে যোগাযোগ চলি আছিল ৷ কিন্তু কামৰ ব্যস্ততাৰ বাবে যোৱা এটা বছৰে সংযোগ বিচিন্ন হৈ পৰিছিল ৷ সেই দিবাকৰকে আজি এনেকৈ লগ পাই যোৱাত অঞ্জনে যথেস্ট সকাহ পালে ৷ "দুদিনমান বেছিকৈ ছুটি লৈ আহিছ’ নহয় ?" দিবাকৰৰ মাতত অঞ্জন বাস্তৱলৈ ঘুৰি আহিল ৷ "অঁ অঁ বিশদিনৰ ছুটিলৈ আহিছো ৷ ভন্টিৰ বিয়াত ভাল স্ফূৰ্তি কৰিম দুয়ো ৷ বিয়াত কিন্তু তোৰ বহুত দায়িত্ব থাকিব ৷ কালিলৈ পূৱাই তই সোনকালে আমাৰ ঘৰলৈ আহিবি ৷ কিমান যে কাম আছে ৷ বাৰু কছোন তহঁতৰ ঘৰত সকলোৰে ভালেই নহয় ? "অঞ্জনে মন কৰিলে দিবাকৰে দেখোন একো মাত দিয়া নাই ৷ "কি হ’ল দিবাকৰ মনে মনে থাকিলি যে ? "নাই নাই এনেয়ে ৷" ঘৰত সকলোৰে ভালেই ৷" পিছে মই বিয়ালৈহে যাব নোৱাৰিম ৷" অলপ অসুবিধা আছে ৷" অঞ্জনৰ খং উঠিল ই কি কয় ৷ তাৰ ভনীয়েকৰ বিয়াত দিবাকৰ নাথাকিব ৷ ই কেনে কথা ৷ নে অঞ্জনহঁতৰ ঘৰৰ লগত দিবাকৰৰ কিবা মনোমালিন্য ? ইতিমধ্যে অঞ্জনহঁত শ্বশানখন পাৰ হৈছিলেই ৷ অঞ্জনে মন কৰিলে দিবাকৰ যেন তাৰ লগে লগে আহি থকা নাই ৷ হয় দিবাকৰ ৰৈ গৈছে ৷ আন্ধাৰৰ বাবে তাৰ বগা চাৰ্টটোৰ পৰা তাৰ অৱস্থিতি অনুমান কৰিব পাৰি ৷"মই আৰু আগলৈ নাযাওঁ অঞ্জন" ৷ "মোৰ বৰ্তমান ঠিকনা ইয়াতেই" ৷ এইবুলি দিবাকৰ শ্বশানৰ ভিতৰলৈ সোমাই অদৃশ্য হৈ গ’ল ৷ অঞ্জনে একো বুজি নাপালে ৷ ই পাগল হ’ল নেকি ? সিহঁতৰ ঘৰতো অঞ্জনহঁতৰ ঘৰৰ পাছতহে পায় ৷ থিক তেনেতে বিপৰিত দিশৰ পৰা টৰ্চৰ পোহৰত আহি থকা দুজন লোক আহি অঞ্জনৰ মুখামুখি হ’ল ৷ "কোন অ এইটো ইমান ৰাতি" ৷ অঞ্জনে মাততে চিনি পালে গাৱঁৰে ৰমেশখুড়া ৷" মই অঞ্জন" খুড়া ৷" ইমান ৰাতি কৰপৰা ? আমি সকাম এটা খাই আহিলো ৷ কিন্তু তুমি ইমান ৰাতি কৰিলা যে ?" গাড়ী দেৰি হ’ল ৷ বাৰু খুড়া মই দিবাকৰৰ লগতে আহি আছিলো কিন্তু এই শ্বশানখনেই তাৰ ঠিকনা বুলি শ্বশানখনলৈ সোমাই গ’ল ৷ সি থিকে আছেতো ? ""অ হয়নেকি ? বাৰু বলা ইমান ৰাতি হ’ল তোমাক ঘৰত থৈ আহোঁ" ৷ এইবুলি তেওঁলোকে আকৌ উভতি অঞ্জনক নি ঘৰত থৈ আহিলগৈ ৷ পিছতহে অঞ্জনে ঘৰত গম পাইছিল কোনো এক অজ্ঞাত কাৰনত কিছুদিন আগতে দিবাকৰে শ্বশানখনৰে এজোপা গছত চিপলৈ আত্মহত্যা কৰিছিল ৷ সেই নিশা সি ভয় কৰে বুলি ৰমেশখুড়াহঁতে আচল কথা অঞ্জনক কোৱা নাছিল ৷ আজিও সেই ভয়াল নিশাৰ অশৰীৰী দিবাকৰৰ কথা মনত পৰিলে অঞ্জনৰ মন সিহঁৰিত হৈ উঠে ৷
porhi bhal laagil
ReplyDelete